Edited a blog post

Asomiya Uponyakh Daini Part 26 | Assamese Free Novel Online Reading



From Part 25

ফোপাই ফোপাই গীর্জাৰ গেট খুলি ভিতৰত সোমাই গলো  । ইমান ডাঙৰ এটা চাইড বেগ লৈ দৌৰাতো কিমান যে কষ্টকৰ। মই ভিতৰত সোমোৱা দেখি লৰা দুজন বাহিৰত ৰৈ সমান্য অপ্ৰস্তুত হল। মই এই সুযোগতে গাড়ীৰ কাষলৈ গৈ পালো। কিচু সময় ৰৈ সিহতেও ভিতৰত সোমাই আহিল। হয়তো ভাবিলে বৃহস্পতিবাৰ বুলি গীৰ্জা বন্ধ থাকিব। আৰু এনে ঠাইত মোক ভোগ কৰিবলৈ পাৰিব। কিন্তু সিহঁতৰ সেই আশাতো পৰিল চেঁচাপানী। কাৰণ ইতিমধ্যে মই গাড়ীত বহিছোৱেই। গাড়ীখনক আৰু ইমান আপোন লগা মন নপৰে। পকেটৰ পৰা চাবিপাত উলিয়াই ইগনিশ্বনত সোমাই পকাই দিলো । গাড়ীখন ঘৰ ঘৰকৈ এবাৰ শব্দ কৰি আৰু বন্ধ হৈ গল।আকৌ চেষ্টা কৰিলো। 


Read More Assamese Novel 2022

#books #book #booklover