Edited a blog post

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 2 assamese novel


Click here to read Voyonkor hei rati part 1

"...মোৰ এনে লাগিছে , তোমাৰ  কিবা ভুল হৈছে ", কৈ উঠিল মেজৰ সংগ্ৰাম সিং, "ভুলটো মোৰেই।  এইদৰে হাহিঠাট্টাত মচগুল হৈ  থকাটো. মোৰ উচিত নাছিল । আৰু সেয়েই হয়তো ষ্টিয়াৰিংৰ ওপৰৰ পৰা  তোমাৰ  বেলেন্স হেৰাই গৈছিল...তাৰপৰাই গাড়ীখনৰ এনেদৰে এক্সিডেন্ট হল। যি কি নহওক , আমাৰ কাৰো তেনে কোনো আঘাত নহল। এতিয়া চোৱা যাওক গাড়ীখন থিকে আছে নে নাই। নহলে গোটেই ৰাতি এই বনত পৰি থাকিব লগা হলে তোমাৰ মাৰ মুখৰ পৰা ভূতৰ গল্প শুনি শুনি পাৰ কৰিব লাগিব । জানাইতো তোমাৰ মাক । এইৰকম অমাবস্যাৰ ৰাতি গভীৰ জঙ্গল দেখিলেই নানাৰকম বিচিত্ৰ চিন্তাভাবনা মুৰত আহে " কৈ কৈ  সংগ্ৰাম সিং দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ড্ৰাইভিং চিটত গৈ  ইঞ্জিন ষ্টাৰ্ট কৰাৰ  চেষ্টা কৰিবলৈ ধৰিল। তেওঁ এজন মিলিটাৰি মানুহ, এনে সৰু সুৰা  এক্সিডেন্ট হৈয়েই থাকে ! ড্ৰাইভিং চিটত বহি   তেওঁ ইঞ্জিন চালু কৰিবলৈ চেষ্টা কৰিব ধৰিলে ।বহুবাৰ চেষ্টাৰ পিছত সামান্য ষ্টাৰ্ট হৈ উঠিল ইঞ্জিনটো কিন্তু তাৰ  সৈতে এবাৰ জোকাৰণি মাৰি বন্ধ হৈ গল। গাড়ীৰ ইঞ্জিনৰ শব্দ মিলি যোৱাৰ সৈতে  গোটেই জঙ্গলত  এক অদ্ভুত নিশ্ছিদ্ৰ নিস্তব্ধতা নামি আহিবলৈ ধৰিল । কিন্তু সংগ্ৰাম সিং এৰি দিয়া ভকত নহয়, তেওঁ বাৰম্বাৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিবলৈ ধৰিল। 

Read more voyonkor hei rati part 2  assamese novel


#assamesefashion #assamesepoetry #assameseshoutout #assamesememes #assameseboy